Man falls to death in pursuit of photograph : ছেলফিয়ে কাল হ’ল এজন ছাত্ৰৰ বাবে
 
				ধেমাজি,১৩জুলাই : ছেলফিয়ে কাল হ’ল এজন ছাত্ৰৰ বাবে । ফটো উঠিবলৈ গৈ অকাল মৃত্যু এজন ছাত্ৰৰ ।
ধেমাজিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । শুকুৰবাৰে ধেমাজিৰ চিমেন নদীত ছেলফি উঠিবলৈ গৈ নিখোজ হৈছিল এজন ছাত্ৰ । নিখোজ হোৱা ছাত্ৰজন আতিজেশ হাজৰিকাৰ বুলি জানিব পৰা গৈছে(Man falls to death in pursuit of photograph) ।
জানিব পৰা মতে, ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একাডেমীৰ ৭ জনীয়া ছাত্ৰৰ সৈতে চিমেন নদীত ফুৰিবলৈ আহিছিল আজিতেশ হাজৰিকা(১৭) । চিমেন নদীত এটি শিলৰ ওপৰত থিয় হৈ ছেলফি উঠিবলৈ লওঁতে ভৰি পিচলি নৈত পৰাত নৈৰ কোৱাল সোঁতে উটোৱাই লৈ যায় ছাত্ৰজনক।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে শুকুৰবাৰে নিশাই জোনাই SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰ্তমানেও SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে(Man falls to death in pursuit of photograph) ।
ইফালে বিশাল নৈত কেৱল দুখন SDRF বাহিনীয়ে উদ্ধাৰ চলালে সন্ধান ওলোৱাটো সম্ভৱ নহয় বুলি আজিতেশৰ মাতৃ মন্তব্য কৰিছে।
লগতে পঢ়ক : Tragic Road Accident : দ খাৱৈত বাগৰি পৰিল এল্ট’বাহন; নিহত দুজন যুৱক
 
						 
			