Man Elephant conflict : চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ
নগাওঁ, ৫আগষ্ট : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ ।ৰাজ্যৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । এনে সময়তে শুকুৰবাৰে পুৱতিনিশা পুনৰ চামগুৰিৰ ভৰাগুৰিত খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহা ৩টাকৈ বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাইছে। বিশ্বনাথৰ হজৰত আলি নামৰ ব্যক্তিজন ঘৰত বনৰীয়া হাতীৰ জাকটোৱে । চামগুৰিত লেঙেৰা হাতীৰ উপদ্ৰৱ।নিতৌ নিশা বন্য হস্তীৰ ৩ জনীয়া এটা দলে চলাই আহিছে উপদ্ৰব ।
পুৱতি নিশা চামগুৰিৰ ভৰাগুৰিত খাদ্য সন্ধানত অহা এটা লেঙেৰা বন্য হস্তীয়ে ভাঙিলে বাসগৃহ । লোহাৰৰ গ্ৰিল ভাঙি খালে ধান।ভৰা গুৰিৰ কুচুম লতা বৰাৰ পদুলিৰ পৰা দুৱাৰ মুখলৈকে দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড হাতীৰ খোঁজ।প্ৰতিবেশী অৰৱিন্দ চাংমাইৰ ভাঙিলে পাক ঘৰ।কেইটামান ফটকা ফুটাই দায়িত্ব সামৰাৰ অভিযোগ উদমাৰী স্থিত বন বিভাগৰ বিৰুদ্ধে ।আনহাতে নিজৰ প্ৰচেষ্টাত টায়াৰ জ্বলাই হাতী খেদিবলৈ চেষ্টা গঞাৰ। নিশা হলেই সংকত ভুগিছে কণকণ শিশু সহ গঞা ৰাইজে ।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে((Man Elephant conflict in samuguri))।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া। এনেধৰণৰ পৰিস্থিতিৰ কিয় সৃষ্টি হৈছে ? কাৰণ যদিহে এনে ধৰণৰ ঘটনা ভৱিষ্যতে সংঘটিত হৈয়ে থাকে, তেতিয়াহ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব।
লগতে পঢ়ক :Wild Elephanat death : ৰাণীত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু তিনিটাকৈ বন্যহস্তীৰ