Man Elephant conflict in Chirang : চিৰাং জিলাত বন্যহস্তীৰ উপদ্ৰৱ
চিৰাং , ২৫ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Chirang )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
এইবাৰ চিৰাং জিলাত বন্যহস্তীৰ উপদ্ৰৱ । শুকুৰবাৰে নিশা চিৰাং জিলাৰ শান্তিপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ২নং কুচুংডিছা আৰু ৩নং চামডিছা গাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলায় ।বন্যহস্তীৰ তাণ্ডৱত শংকিত হৈ পৰিছে অঞ্চলবাসী ।
উল্লেখ্য যে, শুকুৰবাৰে নিশা হাতী খেদিবলৈ যাওতে সংঘটিত হয় এক শোকাৱহ ঘটনা । শুকুৰবাৰে নিশা প্ৰায় ১.৩০ টা মান বজাত খেতি পথাৰ পহৰা দি থকা অৱস্থাত হাতীৰ এটা জাকে আক্ৰমণ কৰে হাতী খেদিবলৈ যোৱা দুজনকৈ লোকক । বন্যহস্তীৰ আক্রমণত মৃত্যু হয় এজনৰ আনহাতে গুৰুতৰভাৱে আহত হয় আন এজন ।
জানিব পৰা মতে, হাতীৰ আক্ৰমণত নিহত হোৱা লোকজন ২নং কুচুংডিছা গাঁৱৰ পচন নাৰ্জাৰী (৩৬) বুলি চিনাক্ত কৰা হৈছে আনহাতে আহত লোকজন ৩নং চামডিছা গাঁৱৰ টুইট নাৰ্জাৰী (৪৮)।
বন্যহস্তী আক্ৰমণ কৰা লোক দুজনক কাজলগাওঁ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে।
গাঁও খনৰ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, প্ৰায়ে অঞ্চলটোত হাতী মানুহৰ সংঘাত সংঘটিত হৈ থাকে। অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক : Carcass of Elephant Calf Recovered : পুনৰ ৰাজ্যত বন্যহস্তীৰ কৰুণ মৃত্যু