Man Elephant Conflict : গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ;আহত শিশু

নিউজ ডেস্ক,১২অক্টোবৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Goalpara)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
এইবাৰ গোৱালপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ । গোৱালপাৰাত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে(Man Elephant Conflict )।
শুকুবাৰে নিশাও গোৱালপাৰাৰ টিলাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু মহিলাৰ ।নিহত মহিলা গৰাকী মমতাজ বেগম বুলি জানিব পৰা গৈছে।ইফালে বন্য়হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এটি শিশু ।আহত শিশুটিক নিশাই গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে, খাদ্যৰ সন্ধানত নিশাই গাঁওখনত প্ৰৱেশ কৰিছিল বন্যহস্তীটোৱে।
লগতে পঢ়ক :Road Accident In Jogighopa : বাইকৰ লগত চাইকেলৰ সংঘৰ্ষ;নিহত এজন