Man Elephant Conflict : গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু কৃষকৰ
নিউজ ডেস্ক,৩১আগষ্ট : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Goalpara)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
এইবাৰ গোৱালপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ । গোৱালপাৰাত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱাবা হৈছে। শুকুবাৰে নিশাও গোৱালপাৰাৰ মৰনৈত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বৃদ্ধ কৃষক। নিহত বৃদ্ধ কৃষকগৰাকীৰ নাম হ’ল ছামচুল হক বুলি জানিব পৰা গৈছে(Man Elephant Conflict)।
জানিব পৰা মতে,মৰনৈ থানাৰ অন্তৰ্গত ডুবাপাৰাৰ সোণাপুৰত শুকুবাৰে নিশা এজাক বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ধাননি পথাৰত উপদ্ৰৱ চলাই আছিল। নিজৰ খেতিডৰা হাতীৰ উপদ্ৰৱৰ পৰা বচাবলৈ নিশা ঘৰৰ পৰা ওলাই গৈছিল বৃদ্ধ কৃষক ছামচুল হক।নিজ খেতিদৰা পহৰা দি থাকোতে মাজ নিশা পিছফালৰ পৰা বনৰীয়া হাতীয়ে অতৰ্কিত আক্ৰমণ কৰে কৃষকগৰাকীক। হাতীৰ আক্ৰমণত থিতাতে নিহত হয় বৃদ্ধ কৃষকগৰাকীৰ।
এইখবৰ বিয়পি পৰাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় । বন বিভাগৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰি নিশা ঘৰৰ পৰা ওলাই আহে। পিচত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাত গোৱালপাৰা আঞ্চলিক বন বিভাগে বৃদ্ধ কৃষকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৃদ্ধ কৃষকগৰাকীৰ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল উঠিছে(Elephant menace in Goalpara)।
লগতে পঢ়ক : Road Accident in Lumding : এল পি জি গেছ পৰিবাহী টেংকাৰ বাগৰি পৰিল ৰাজপথত