Man Elephant conflict : কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ
নিউজ ডেস্ক, ২৪ জানুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in kaliabor )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰত অব্য়াহত আছে বন্যহস্তীৰ উপদ্ৰৱ ।মঙলবাৰে নিশা কলিয়াবৰ বন্যহস্তীয়ে তাণ্ডৱ। মঙলবাৰে নিশা কলিয়াবৰৰ শ্ৰৱণী সত্ৰ, সৰুভগীয়া গাঁৱত বন্যহস্তীৰ তাণ্ডৱ ৷ নিশাৰ ভাগত হাতীয়ে উপদ্ৰৱ চলাই কেইবাটাও ঘৰৰ ক্ষতিসাধন কৰে ৷
উল্লেখ্য যে, শ্ৰৱণীসত্ৰত মঙলবাৰে নিশা এটা ধান বনা কল, পাকঘৰ ভাঙি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ লগতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সৰুভগীয়াতো তাণ্ডৱ সৃষ্টি কৰে ৷ সৰুভগীয়াৰ কেইবাঘৰো লোকৰ ভঁৰাল ভাঙি ধান খাই তহিলং কৰে বনৰীয়া হাতীয়ে ৷ প্ৰত্যেক্ষদৰ্শীৰ মতে এই অঞ্চলত দুটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷
ধাননি পথাৰ উদং হোৱাৰ পিছতে খাদ্যৰ সন্ধানত জনাঞ্চলত উপদ্ৰৱ আৰম্ভ কৰিছে বনৰীয়া হাতীয়ে ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে গঞা ৰাইজ ৷ ইফালে বনৰীয়া হাতীৰ পৰা বন বিভাগে সুৰক্ষা দিব নোৱৰাক লৈ অঞ্চলবাসী ক্ষোভিত হৈ পৰিছে যদিও নিৰ্বিকাৰ হৈ আছে বন বিভাগ ৷
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।