Man Elephant Conflict : তামুলপুৰত বন্যহস্তীৰ সন্ত্ৰাস; ভাঙি তচনচ কৰিলে বাসগৃহ
![](https://mynewsne.com/wp-content/uploads/2024/01/noname-82-750x430.jpg)
নিউজ ডেস্ক, ৯ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Tamulpur )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ তামুলপুৰত অব্য়াহত আছে বন্যহস্তীৰ উপদ্ৰৱ। তামুলপুৰত খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি বন্যহস্তীয়ে কুম্ভীজাৰ গাঁৱত সোমবাৰে নিশা দুটা বনৰীয়া হাতীয়ে চলাই তাণ্ডৱ।
সোমবাৰে নিশা কুম্ভীজাৰ গাঁৱত দুটাকৈ বন্যহস্তীয়ে প্ৰৱেশ কৰি ভাঙি লণ্ডভণ্ড কৰে ঘৰৰ লগতে সকলো সামগ্ৰী। বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি এটা পৰিয়াল গৃহত বহু সময় ধৰি চলায় তাণ্ডৱ। অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে পৰিয়ালটোৰ সদস্যসকল। পৰিয়ালটোৱে জনোৱা অনুসৰি চুবুৰীয়াৰ ঘৰলৈ গৈ কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ।
ভুক্তভোগী পৰিয়ালটোৱে জনোৱা মতে তেওঁলোকৰ ঘৰত থকা চাউলৰ বস্তাও হাতী দুটাই লৈ যায়। এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।