Local, Vocal, Global

Man Elephant Conflict : বঢ়মপুৰত বন্যহস্তীৰ সন্ত্ৰাস; ভাঙি তচনচ কৰিলে বাসগৃহ

নিউজ ডেস্ক, ৭ জানুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Nagaon)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant Conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

নগাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ । নগাঁৱৰ জিলাৰ বঢ়মপুৰ সমষ্টিত বিগত কিছুদিন ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই আহিছে । তাৰ মাজতে পুনৰ শনিবাৰে নিশা বঢ়মপুৰৰ মাজমজিয়াত থকা বৰটোপ , শিৱস্থান , বঢ়মপুৰ তিনিআলি আদি অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলায় ।

জানিব পৰা মতে , বন্যহস্তীৰ জাকৰ পৰা এটা বন্যহস্তীয়ে ফালৰি কাটি আহি শনিবাৰে নিশা বৰটোপ অঞ্চলৰ ৰেখা বৰাৰ বাসগৃহ ভাঙি তচনচ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্নজনৰ সাচি থোৱা ধান , বাৰীৰ কলগছ আদি খাই অনিষ্ট সাধন কৰে । উল্লেখ্য যে , বনৰীয়া হাতীটোৱে পুৱতি নিশালৈকে অঞ্চলবোৰত সন্ত্ৰাস চলাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি ৰাখে । বনবিভাগৰ লোক বৰ্তমানলৈকে অঞ্চলটোত উপস্থিত হোৱা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ।

ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বন্যহস্তীৰ মুক্তি বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : SDRF Recovers Police Officer’s Body From Brahmaputra River : অৱশেষত উদ্ধাৰ হ’ল নাওঁৰ পৰা পৰি নিখোজ হোৱা আৰক্ষী জোৱানৰ মৃতদেহ