Man Dies In Wild Elephant Attack In Udalguri : ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ
নিউজ ডেস্ক,২৬মে’ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।
ইয়াৰ মাজতেই শনিবাৰে ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱৰ ঔৰাংগাজুলি চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন(Man Dies In Wild Elephant Attack In Udalguri) ।
বন্যহস্তীৰ আক্ৰমণত নিহত লোকজন বাগি ওৰাং (৫৩) বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, শনিবাৰে পুৱা ঘৰৰ পৰা চাহ বাগিচাৰ লাইনৰ ফালে গৈ থকা অৱস্থাতেই বন্যহস্তীয়ে আক্ৰমণ কৰাত লোকজনৰ থিতাতে মৃত্য়ু হয় ৷ উল্লেখ্য় যে এই অঞ্চলটোত হাতীৰ উপদ্ৰৱৰ বাবে ৰাইজে শংকাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে । সেয়েহে স্থানীয় ৰাইজে এই অঞ্চলটোত হাতী-মানুহৰ সংঘাত প্ৰতিৰোধ কৰিবলৈ বন বিভাগক দাবী জনাইছে ।
লগতে পঢ়ক : Uttar Pradesh Road Accident : ৰখাই থোৱা যাত্ৰীবাহী বাছত খুন্দা ট্ৰাকৰ;নিহত ১১জনকৈ যাত্ৰী,আহত ১০জন