Local, Vocal, Global

Man died of electric shock : বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এজন ব্যক্তিয়ে

নিউজ ডেস্ক,১২ছেপ্তেম্বৰ : বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এজন ব্যক্তিয়ে।

মেৰাপানীত সংঘটিত হৈছে অঘটন । বিদ্যুৎ বিভাগৰ গাফিলটিৰ ফলতেই উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শত আহি থিতাতে নিহত হয় এজন ব্যক্তি ।নিহত ব্যক্তিজন অজিত ঠেঙাল বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাই অজিত ঠেঙাল নামৰ ব্যক্তিজনে নিজৰ চাহ বাগিছালৈ যাবলৈ নলাৰ ওপৰত এডাল সাঁকো দিবলে লওঁতেই নিচেই চাপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ঠিতাতে নিহত হয়। মেৰাপানী অঞ্চলৰ চাউদাংপথাৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী অজিত ঠেঙাল নামৰ ষাঠি উৰ্ধৰ ব্যক্তিজনৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ইয়াৰ পিছতেই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় লোক(Man died of electric shock)।

ইফালে নিহত ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক : BSF Dhruvjyoti was shot by Pakistani terrorists : জম্মুৰ ভাৰত-পাকিস্তান সীমান্তত সংঘৰ্ষ; গুলীবিদ্ধ বি‌এছ‌এফৰ জোৱান