Local, Vocal, Global

Man died by drowning in janji river : নদীত গা ধুবলৈ গৈ সলিল সমাধি এজন লোকৰ

নিউজ ডেস্ক,৩০জুলাই : টীয়কত অঘটন । টীয়কৰ কাৱৈমাৰী চিনাতলিৰ জাঁজী নদীত সলিল সমাধি এজন লোকৰ৷

জানিব পৰা মতে, সোমবাৰে দিনৰ ১১ মান বজাত জাঁজী নদীত গা ধুবলৈ গৈছিল ৮০ উৰ্ধৰ এজন ব্যক্তিয়ে । ব্যক্তিগৰাকীৰ নাম মহেশ কলিতা বুলি জানিব পৰা গৈছে(Man died by drowning in janji river) ।

স্থানীয় লোকে জনোৱা অনুসৰি. আনদিনাৰ দৰে সোমবাৰেও মহেশ কলিতাই গা ধুবলৈ নদীৰ পাৰলৈ যায় ৷ তেতিয়া নদীৰ পাৰত থকা জিঅ’ বেগত পিচলি ভৰ বাৰিষাৰ নদীত পৰি বাঢ়নি পানীত উটি যায় । এই দৃশ্য প্ৰত্যক্ষ কৰি আত্মীয়ই তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে ।

ইয়াৰ পাচতে ঘটনাস্থলীত টীয়ক আৰক্ষী, SDRF আৰু দণ্ডাধিক উপস্থিত হৈ অনুসন্ধান চলায় ৷ পৰৱৰ্তী সময়ত মহেশ কলিতাৰ মৃতদেহ জাঁজী নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । জানিব পৰা মতে, মৃত মহেশ কলিতা আছিল এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ।

লগতে পঢ়ক : Rakibul Hussain demands Central Government delegation in Assam : সংসদত গৰজি উঠিল ৰকিবুল হুছেইন