Man arrested with narcotics in Sonitpur:চাৰিদুৱাৰৰ কেকোকলি নেপালী গাঁৱত নিচাযুক্ত দ্ৰব্যসহ এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,২৭ডিচেম্বৰ : শোণিতপুৰ জিলাত আৰক্ষীৰ অভিযান । এক গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই । অভিযানত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত কেকোকলি নেপালী গাঁৱত বৃহৎ পৰিমাণৰ হে’ৰইনসহ এজনক গ্ৰেপ্তাৰ কৰ(Man arrested with narcotics in Sonitpur)।
অভিযানকালত আৰক্ষীয়ে জব্দ কৰিছে ১১ টা চুৰি ম’বাইল ফোন আৰু এখন নম্বৰ প্লেটবিহীন স্কুটি লগতে এখন নম্বৰ প্লেটবিহীন মটৰচাইকেল। ঘটনাৰ সৈতে জড়িত চফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে ৷ জব্দকৃত হে’ৰইনখিনিৰ মূল্য প্ৰায় ১৫ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰৰ প্ৰকাশ।
ইফালে চাৰিদুৱাৰ আৰক্ষীয়ে চফিকুল ইছলামক জোৰা অব্যাহত ৰাখিছে ৷ গাড়ী চুৰিকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷