Local, Vocal, Global

Man arrested for murdering fish vendor : আটক মায়ঙৰ মাছ ব্যৱসায়ী হত্যাকাণ্ডৰে জড়িত অভিযুক্তক

নিউজ ডেস্ক,২২ছেপ্তেম্বৰ : আটক মায়ঙৰ মাছ ব্যৱসায়ী হত্যাকাণ্ডৰে জড়িত অভিযুক্তক।দেওবাৰে দিনৰ ভাগত বৰবৰী বজাৰৰ পৰা আটক কৰে অভিযুক্ত আব্দুল বাচিৰ নামৰ লোকজনক।

স্থানীয় লোকৰ অভিযোগ অনুসৰি ধৃত লোকজনে হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছিল। ধৃত আব্দুলে ইয়াৰ পূৰ্বে নিজ পিতৃকো ঘৰৰ পৰা খেদি পঠিয়াইছিল।

ইফালে আন এক ভাষ্য অনুসৰি হত্যাকাণ্ডৰে অভিযুক্ত আব্দুল বাচিৰ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোক। অৱশ্যে ই কিমান দূৰ সত্য, সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব। ইতিমধ্যে অভিযুক্তক কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ এটা দল মায়ঙৰ গাগলমাৰী পঞ্চায়তৰ বৰবৰী বজাৰলৈ ৰাওনা হৈছে(Man arrested for murdering fish vendor in Mayong)।

উল্লেখ্য যে, দেওবাৰে পুৱতি নিশা মায়ঙৰ বহা সাতকাবৰীত সংঘটিত হৈছিল এক হত্যাকাণ্ডৰ ঘটনা ।দাৰে ঘপিয়াই হত্যা কৰিছিল ৩৫ বছৰীয়া ইক্ৰামূল হক নামৰ এজন লোকক। পেছাত মাছ বেপাৰী ইক্ৰামূৱলে পুৱতি নিশা মাছ ক্ৰয় কৰিবলৈ যোৱাৰ পথতে এই ঘটনা সংঘটিত হৈছিল।

প্ৰথমাৱস্থাত গাঁৱৰে এজন লোকে হত্যা কৰা বুলি জানিব পৰা গৈছিল যদিও এতিয়া এই অভিযোগত নাম সাঙোৰ খাইছে আব্দুল বাচিৰ নামৰ লোকজনৰ। গাঁওৰক্ষী বাহিনীৰ হাতত আটক হোৱা অভিযুক্ত আব্দুলক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিবলৈ ৰাওনা হৈছে।

লগতে পঢ়ক : Two-year-old boy goes missing from Lanka : লংকাৰ নখুটী জানজুৰ পৰা নিৰুদ্দেশ এটি দুবছৰীয়া শিশু