Local, Vocal, Global

Man allegedly kills wife: শাহু আৰু পুত্ৰৰ সমুখত দাৰে ঘপিয়াই হত্যা পত্নীক

নিউজ ডেস্ক,২০অক্টোবৰ : হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড(Man allegedly kills wife)।

দক্ষিণ কামৰূপৰ দখলা মাজপাৰাত জঘন্য হত্যাকাণ্ড। স্বামীয়ে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পত্নীক! শাহু আৰু পুত্ৰৰ সমুখতে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পত্নীক । এই জঘন্য কাণ্ডটো সংঘটিত কৰি হাতত দা লৈ বিজয়নগৰ আৰক্ষী চকীত উপস্থিত হয় অভিযুক্ত স্বামী কুশল ঠাকুৰীয়া।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, স্বামীয়ে প্ৰায়েই অত্যাচাৰ চলাইছিলপত্নীৰ ওপৰত। মৃত মহিলাগৰাকী এটি সন্তানৰ মাতৃ।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীৰ শাহুৱেক আৰু অভিযুক্ত কুশল ঠাকুৰীয়াক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

বৰ্তমানলৈ পোহৰলৈ অহা নাই ঘটনাৰ প্ৰকৃত কাৰণ।আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।

লগতে পঢ়ক :List of BJP candidates for Bye-Elections:উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা