Man allegedly kills wife : পত্নীক ডিঙি কাটি হত্যা মানসিক বিকাৰগ্ৰস্ত স্বামীৰ

নিউজ ডেস্ক,২০আগষ্ট : হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড(Man allegedly kills wife)।
দক্ষিণ শালমাৰাৰ কুমৰি গাঁৱত ভয়ংকৰ ঘটনা৷ পত্নীক ডিঙি কাটি হত্যা মানসিক বিকাৰগ্ৰস্ত স্বামীৰ৷ পাখি নামৰ মহিলাগৰাকীক হত্য়া স্বামী ৰাকিব মণ্ডলৰ ।
পুখুৰীৰ পৰা হত্যাকাৰীক কৰায়ত্ত কৰি আক্ৰমণৰ চেষ্টা উত্তেজিত ৰাইজৰ৷ হত্যাকাৰীক উদ্ধাৰ কৰিবলৈ গৈ আহত দুই আৰক্ষী জোৱান৷
বৰ্তমানলৈ জানিব পৰা হোৱা নাই হত্য়াকাণ্ডৰ কাৰণ।