Man allegedly kills wife : স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক

নিউজ ডেস্ক,১৮ আগষ্ট : হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড(Man allegedly kills wife)।
এইবাৰ যোৰহাটত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । যোৰহাটৰ মেলেং তিনিকোণীয়াত নৃশংসভাৱে হত্যা পত্নীক। স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক । মৃত মহিলাগৰাকী দিপালী কৰ্মকাৰ বুলি জানিব পৰা গৈছে ।
ইফালে হত্য়াকাৰী স্বামী উদয় কৰ্মকাৰ বুলি জানিব পৰা গৈছে । বৰ্তমান হত্যাকাৰী উদয় কৰ্মকাৰ আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :Tragic incident in Sivasagar : নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ ভিতৰত সোমাল বলেৰ’ বাহন;আহত মাতৃ-কন্যা