Local, Vocal, Global

Man allegedly kills wife : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি;ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে হত্যা কৰিলে পত্নীক

যোৰহাট,১৪জুলাই : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ যোৰহাটত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা।

যোৰহাটত পত্নীক ডিঙি কাটি হত্যা স্বামীৰ । শহুৰেকৰ ঘৰতে অতি নৃশংসভাৱে হত্যা পত্নীক ।

পুলিবৰৰ সৰুচৰাই পৰব্বতীয়া বাগান লাইনত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনাটো। শহুৰেকৰ ঘৰতে অতি নৃশংসভাৱে পত্নীক হত্যা কৰে বলো কূৰ্মী নামৰ এজন ব্যক্তিয়ে।

জানিব পৰা মতে, দেৰগাওঁ বালিজান বলো কূৰ্মী নামৰ ব্যক্তি এজনে পুলিবৰ থানাৰ অন্তৰ্গত সৰুচৰাই পৰব্বতীয়া বাগান লাইনৰ পৰা বিয়া কৰোৱাইছিল মঞ্জু কৰ্মী নামৰ মহিলাগৰাকীক। কিছুদিন যোৰহাটৰ চোলাধৰাত ভাৰাতীয়া হিচাপে থাকি তামোল পানৰ দোকান দিছিল হত্যাকাৰী বলো কুৰ্মিয়ে। তাৰ পিছত কিছুদিন পত্নী মঞ্জু কুৰ্মীৰ ঘৰতে থকিবলৈ লয় স্বামী বলো কূৰ্মী(Man allegedly kills wife )।

কিন্তু হঠাতে শনিবাৰে নিশাই শহুৰেকৰ ঘৰতে অতি নৃশংসভাৱে হত্যা কৰে পত্নীক

পাৰিবাৰিক সংঘাতৰ পৰিণতিতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে। ইতিমধ্যে পুলিবৰ আৰক্ষীয়ে অভিযুক্ত স্বামী বলো কুৰ্মীক আটক কৰি অব্যাহত ৰাখিছে তদন্ত।

লগতে পঢ়ক : Tiger terror in Nagaon : নগাঁৱৰ জুৰীয়াত পুনৰ বাঘৰ আক্ৰমণৰ ঘটনা