Local, Vocal, Global

Man allegedly kills wife : সম্পত্তিৰ বাবে পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

কৰিমগঞ্জ, ১৯মে’ : সম্পত্তিৰ বাবে পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে (Man allegedly kills wife) ।

হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ কৰিমগঞ্জত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা।

কৰিমগঞ্জৰ জবাইনপুৰ গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড । নিজৰেই পত্নীক হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । সম্পত্তিৰ বাবেই পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ দানৱৰূপী স্বামীৰ ওপৰত ।

জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় ৫ মান বজাত বাখৰশাল নাইৰগ্ৰাম পঞ্চায়তৰ জবাইনপুৰ গাঁৱৰ আব্দুল ছাহিদ নামৰ লোকজনে পত্নী জবা বেগমক দাৰে ঘপিয়াই আঘাতপ্ৰাপ্ত কৰে।এই ঘটনাৰ খবৰ স্থানীয় লোকসকলে লাভ কৰাৰ লগে লগে স্থানীয় ৰাইজে ততাতৈয়াকৈ জবা বেগমক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে ।

ইফালে ঘটনাৰ পিছতে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী আব্দুল ছাহিদৰ হাতৰ পৰা হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা খন উদ্ধাৰ কৰি হত্যাকাৰী আব্দুল ছহিদক কৰায়ত্ব কৰি আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে কৰিমগঞ্জ সদৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । আৰক্ষীৰ প্ৰাথমিক তদন্তৰ অন্তত হত্যাৰ অভিযোগত অভিযুক্ত আব্দুল ছাহিদক আটক কৰে ।

উল্লেখ্য যে, উক্ত ঘটনাৰ পাছতে মানসিকভাৱে কিছু অসুস্থ হত্যাকাৰী আব্দুল ছাহিদে সম্পত্তিৰ বাবেই এই জঘণ্য কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত কৰিছে মৃত মহিলা গৰাকীৰ পিতৃ পৰিয়ালে।

লগতে পঢ়ক : Heroin Worth Rs 105 Crore Seized By Cachar Police : শিলচৰত জব্দ ১০৫ কোটি টকাৰ হেৰ’ইন