Man allegedly kills wife : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি;ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক

নিউজ ডেস্ক,২৭মাৰ্চ : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক।(Man allegedly kills wife) ।
হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ বিলাসীপাৰাত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা।
ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
ধুবুৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত তথা ৰঙামাটিৰ যুগলীকান্দাত মঙলবাৰে সন্ধিয়া সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড।
ঘটনাৰ বিৱৰণী মতে ছছলাপাৰা দ্বিতীয় খণ্ডৰ যুগলীকান্দা নিবাসী ছাইদুল ৰহমান নামৰ লোকজনে পত্নী নাছমিনা খাতুনৰ ওপৰত এই বৰ্বৰ ভাবে দা’ৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে ।এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিলে পলায়ন কৰে স্বামী ছাইদুল ৰহমান ।
জানিব পৰা মতে,ছাইদুল ৰহমান আৰু নাছমিনা খাতুনৰ এগৰাকী ৫ বছৰীয়া পুত্ৰ সন্তান আছে।
এই ভয়ংকৰ ঘটনাৰ খবৰ স্থানীয় ৰাইজে পোৱাৰ পিছতে ঘটনাসন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।ট
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে স্বামী ছাইদুলক ।
স্থানীয় ৰাইজে জানিব দিয়া মতে পাৰিবাৰিক কন্দলৰ ফলতেই এই ঘটনা সংঘটিত হয়। স্বামী স্ত্ৰী মাজত দীৰ্ঘদিন ধৰি কাজিয়া চলি আছিল। ফলত ৬ মাহ ধৰি মহিলা গৰাকী নিজ পিতৃৰ ঘৰত আছিল। মঙলবাৰ দিনা পিতৃৰ ঘৰৰ স্বামীয়ে পত্নীক লৈ আহি এই কাণ্ড সংঘটিত কৰে।
উক্ত ঘটনাই এতিয়া সমগ্ৰ ৰঙামাটি অঞ্চলত চাঞ্চ্যলৰ সৃষ্টি কৰিছে।