WATCH | Man allegedly kills wife: ঘৰুৱা কন্দলৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীক

জামুগুৰিহাট,২১মে’ : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! ঘৰুৱা কন্দলৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীক। বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক।
শোণিতপুৰৰ বালিপৰাৰ আদাবাৰী চাহ বাগিচাত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ডৰ ঘটনাটো।নিচাসক্ত স্বামীৰ হাতত প্ৰাণ হেৰুৱাব লগীয়াহ’ল পত্নীৰ(Man allegedly kills wife)।
উল্লেখ্য যে,মঙলবাৰে নিশা আদাবাৰী চাহ বাগিচাৰ বিৰু কৰ্মকাৰ আৰু তেখেতৰ পত্নী মালতী কৰ্মকাৰ ৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷কাজিয়াৰ তৰ্ক বিতৰ্কৰ মাজতে স্বামী বিৰু কৰ্মকাৰে এডাল বাঁহৰ লাঠীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নী মালতি কৰ্মকাৰক। ইতিমধ্যে হত্যাকাৰী স্বামী বিৰু কৰ্মকাৰকক চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেজপুৰ জেল হাজোতালৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়ক : WATCH | Hatsingimari News : যি সময়ত কৃষকে পথাৰৰ পৰা সোণগুটি হাঁহি মূখে ঘৰত ল’ব সেই সময়ত কৃষকৰ চকুত পানী