Man allegedly kills wife:পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি;ঘৰুৱা কন্দলৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীক
জামুগুৰিহাট,১২ডিচেম্বৰ: হিংসা,হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ শোণিতপুৰত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা(Man allegedly kills wife)।
শোণিতপুৰৰ শালনিবাৰী থানাৰ অনৰ্গত কঠালগুৰি চাহবাগিছাৰ ৩ নং লাইনত পাৰিবাৰিক কন্দলৰ বাবেই স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক।
কঠালগুৰি চাহবাগিছাৰ ৩ নং লাইনৰ ৰঘু ওৰাঙ নামৰ ব্যক্তিজনে পত্নী বেলমতী ওৰাঙক দাৰে ঘপিয়াই হত্যা কৰে।পাৰিবাৰিক অশান্তিৰ বাবেই এই হত্যাকাণ্ডটি সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ।ইতিমধ্যে হত্যাকাৰী স্বামী ৰঘু ওৰাঙক গ্ৰেপ্তাৰ কৰিছে শালনীবাৰী থানাৰ আৰক্ষীয়ে।
লগতে পঢ়ক :Eviction drive in Darrang :দৰঙৰ পাঁচলি বজাৰ বেচিমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান