Man allegedly kills wife : ঘৰুৱা কন্দলৰ বাবেই এজন ব্যক্তিয়ে হত্যা কৰিলে পত্নীক !
বিলাসীপাৰা,২৩মাৰ্চ : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই এজন ব্যক্তিয়ে হত্যা কৰিলে তেওঁৰ পত্নীক (Man allegedly kills wife) ।
হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ বিলাসীপাৰাত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা।
ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
বিলাসীপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড । স্বামীয়ে অতি নৃশংস ভাৱে হত্যা কৰিলে পত্নীক।বিলাসীপাৰাত হাকামা ৯নং ৱাৰ্ডত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।
জানিব পৰা মতে, সুৰজিৎ ৰায় নামৰ লোকজনে হত্যা কৰিলে পত্নী মন্দিৰা নাথক ।
উল্লেখ্য যে, দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ পৰিণতিতে হত্যাকাণ্ডৰ সন্দেহ স্থানীয় ৰাইজৰ।পত্নীক হত্যা কৰি থানাত আত্মসমাৰ্পণ সুৰজিৎ ৰায়ৰ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় দণ্ডাধীশ সহ বিলাসীপাৰা আৰক্ষীৰ দল। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
লগতে পঢ়ক :Dead body found in Hatigaon : মহানগৰীৰ হাতীগাঁৱৰ শংকৰ পথত উদ্ধাৰ যুৱকৰ মৃতদেহ