Local, Vocal, Global

Mamata Banerjee’s Gamosa Controversy in Silchar : অসমলৈ আহি অসমৰ স্বাভিমান গামোচাক অপমান মমতা বেনাৰ্জীৰ

নিউজ ডেস্ক, ১৭ এপ্ৰিল : অসমলৈ আহি অসমৰ স্বাভিমান গামোচাক অপমান মমতা বেনাৰ্জীৰ । শিলচৰত বিমান বন্দৰত আদৰণি জনোৱাৰ সময়ত দিয়া গামোচা গ্ৰহণ নকৰিলে মমতা বেনাৰ্জীয়ে।

যাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি(Mamata Banerjee’s Gamosa Controversy in Silchar)।

উল্লেখ্য যে, আজি দুপৰীয়া শিলচৰত উপস্থিত হয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ উদ্দেশ্য অসমলৈ আহিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। শিলচৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু দলৰ নেত্ৰী সুস্মিতা দেৱে আদৰণী জনাইছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীক। মমতা বেনাৰ্জীক পিন্ধাব বিচাৰিছিল গামোচা।

কিন্তু ৰিপুণ বৰা আৰু সুস্মিতা দেৱে পিন্ধাব খোজা গামোচা গ্ৰহণ নকৰিলে মমতা বেনাৰ্জীয়ে। মমতাই গ্ৰহণ নকৰা গামোচা হাতত লৈ পিছে পিছে বিমানবন্দৰৰ পৰা ওলাই আহে সুস্মিতা দেৱ(Mamata Banerjee’s Gamosa Controversy in Silchar)।

মমতা বেনাৰ্জীৰ এই আচৰণক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

লগতে পঢ়ক : CM made a significant announcement during his election campaign : লাখপতি বাইদেউও পিছত এইবাৰ হ’ব লাখপতি ভিনদেউ