Mallikarjun kharge calls Nitish Kumar : ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰেলীত কংগ্ৰেছৰ মনোভাৱক লৈ অসন্তুষ্টি প্ৰকাশ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

নেশ্যনেল ডেস্ক, ৪নৱেম্বৰ : অসন্তুষ্ট বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ । বিৰোধী মিত্ৰজোঁট ‘I.N.D.I.A’ক লৈ অসন্তুষ্টি প্ৰকাশ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ।শেহতীয়াকৈ বিৰোধী মিত্ৰজোঁটৰ অংশ জেডিইউৰ সৰ্বোচ্চ নেতা নীতিশ কুমাৰে কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল(Mallikarjun kharge calls Nitish Kumar) ।
উল্লেখ্য যে, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰেলীত কংগ্ৰেছৰ মনোভাৱক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল বিহাৰৰ নেতাগৰাকীয়ে । তাৰ পাছতে এই বিষয়ক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছিল ।
অৱশ্যে অসন্তুষ্ট নীতিশ কুমাৰক বুজনি দিবলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ফোন কৰে । খাৰ্গেয়ে ফোন কৰি নীতিশ কুমাৰৰ অসন্তুষ্টি দূৰ কৰাৰ চেষ্টা কৰা বুলি জল্পনা-কল্পনাও চলিছে ।
শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাসগৃহত উপস্থিত হয় লালু প্ৰসাদ যাদৱ আৰু উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাসগৃহত উপস্থিত হৈ দুয়োগৰাকী নেতাই প্ৰায় আধা ঘণ্টা কথা পাতে ।
এই আলোচনাৰ পৰা অনুমান কৰা হৈছে যে বিহাৰত আসন ভাগ-বতৰাৰ বিষয়ে ‘INDIA’ মিত্ৰজোঁটৰ সৈতেও আলোচনা হৈছে ।
অৱশ্যে, লালু আৰু তেজস্বীৰ সৈতে নীতিশ কুমাৰৰ বৈঠক বা মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে নীতিশ কুমাৰৰ ফোনৰ কথা বতৰাক লৈ এতিয়াও জেডিইউয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই(
Kharge Spoke To CM Nitish Kumar Over Congress Interested In State Polls Remarks) ।
উল্লেখ্য যে নীতিশ কুমাৰে বিগত কেইবাদিন ধৰি নিৰন্তৰ কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য কৰা দেখা গৈছে । ইয়াৰ পূৰ্বে মতিহাৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত তেওঁ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ কথা উল্লেখ কৰি কৈছিল যে যেতিয়া কেন্দ্ৰত কংগ্ৰেছ শাসনত আছিল তেতিয়া বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে অনুমতি দিয়া হোৱা নাছিল( Congress national president Mallikarjun Kharge spoke with Bihar CM and JD(U) leader Nitish Kumar over phone, they spoke about INDIA Alliance) ।
অৱশ্যে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো প্ৰশংসা কৰিছিল ।ইয়াৰ মাজতে ২ নৱেম্বৰত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ ‘বিজেপি ভগাও দেশ বচাও’ ৰেলীত ভাষণ দি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৈছিল যে তেওঁ নিৰন্তৰভাৱে ‘I.N.D.I.A’ মিত্ৰজোঁটক একত্ৰিত কৰাত নিয়োজিত হৈ আছে । তেওঁ অভিযোগ কৰিছিল যে কংগ্ৰেছে এই মিত্ৰতাৰ প্ৰতি আগ্ৰহী নহয় । কংগ্ৰেছে ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনতহে ব্যস্ত হৈ আছে ।