Local, Vocal, Global

Maldivian President Muizzu Arrives In India For Crucial State Visit : ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰণি মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : ভাৰতত উপস্থিত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজু । দেওবাৰে ভাৰতত উপস্থিত হয় মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকী

দেওবাৰে ৰাষ্ট্ৰপতিগৰাকী ভাৰতত উপস্থিত হোৱাৰ পিছতে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে তেওঁক আদৰণি জনায় ।

সোমবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীক ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনায় ।আনুষ্ঠানিক অভ্যৰ্থনাৰ পিছত মুইজজুৱে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ৰাজঘাট ভ্ৰমণ কৰে । তেওঁ আবেলি হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে(Maldivian President Muizzu Arrives In India For Crucial State Visit)।

ৰাষ্ট্ৰপতি মুইজজুৰ এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি কেইবাজনো উচ্চ পদস্থ ভাৰতীয় বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব । ফাৰ্ষ্ট লেডী ছাজিদা মহম্মদ আৰু তেওঁৰ প্ৰতিনিধি দলৰ সৈতে ৰাষ্ট্ৰপতিয়ে মঙলবাৰে আগ্ৰা ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে । তেওঁৰ কাৰ্যসূচীত মুম্বাই আৰু বেংগালুৰু ভ্ৰমণো অন্তৰ্ভুক্ত আছে ।

মুইজজুৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি মালদ্বীপৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ প্ৰতি তেওঁৰ সমৰ্পণক পুনৰ নিশ্চিত কৰে । এই বৈঠকত সহযোগিতা শক্তিশালী কৰা আৰু দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক অধিক গভীৰ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে।

লগতে পঢ়ক :Ratan Tata says hospital visit for medical check-up: ৰতন টাটাৰ অসুস্থ হোৱা বুলি বাতৰি প্ৰচাৰৰ পিছতে সামজিক মাধ্যমত পোষ্ট ৰতন টাটাৰ