Maldives, China sign 21 Agreements After Muizzu-Xi Meeting Amid Diplomatic : চীন ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱেৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১জানুৱাৰী : মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱেৰৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ । বুধবাৰে চীন ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে।
উল্লেখ্য যে, বুধবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱেৰ আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত বৈঠকৰ হয় আৰু এই বৈঠকৰ অন্তত চীন আৰু মালদ্বীপে ২০ খন বৃহৎ চুক্তি স্বাক্ষৰ কৰে । ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক এক ব্যাপক কৌশলগত আৰু সহযোগিতামূলক অংশীদাৰিত্বলৈ আগুৱাই নিয়াৰ বাবেও সহমতত উপনীত হয়(Maldives, China sign 21 agreements after Muizzu-Xi meeting amid diplomatic row with India) ।
চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াৰ প্ৰতিবেদন অনুসৰি, দুয়ো ৰাষ্ট্ৰপতিৰ মাজত বহু গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বিষয়ত আলোচনা হয় । দুয়োৰে সাক্ষাৎকাৰটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ শেহতীয়াকৈ মালদ্বীপ আৰু ভাৰতৰ সম্পৰ্কত কিছু বিভেদ আহি পৰিছে । চীনৰ ৰাষ্ট্ৰপতি ঝি আৰু তেওঁৰ পত্নী পেং লিয়ুয়ানে গ্ৰেট হল অৱ দ্য পিপলত মুইজু আৰু তেওঁৰ পত্নী ছাজিদা মহম্মদক আনুষ্ঠানিকভাৱে আদৰণি জনায় ।
ৰাষ্ট্ৰপতি হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰা মুইজুক ৰাজ্যিক আদৰণি জনোৱা হয় । মুইজুক ৰেড কাৰ্পেটত আদৰণি জনোৱা হয় আৰু ২০ বন্দুকৰ চেলুটো দিয়া হয়(Maldives, China sign 21 agreements after Muizzu-Xi meeting amid diplomatic) ।
ইফালে মালদ্বীপ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত এক পোষ্টযোগে প্ৰকাশ কৰা অনুসৰি, বুধবাৰে বিয়লি মালদ্বীপ চৰকাৰ আৰু চীন চৰকাৰৰ মাজত ২০ খন বৃহৎ চুক্তি স্বাক্ষৰিত হয় । মালদ্বীপৰ অতিথিসকলৰ সন্মানত চীনৰ ৰাষ্ট্ৰপতিয়ে এক বৃহৎ ভোজৰো আয়োজন কৰে ।
লগতে পঢ়ক : APSC Scam : আজি SIT ৰ জেৰাৰ সন্মুখীন হ’ব বিক্ৰম আদিত্য বৰা আৰু নন্দিতা হাজৰিকা