Lalit Chandra Mahanta passes away : সকলোকে কন্দোৱাই ইহ সংসাৰৰ পৰা চিৰবিদায় মাগিলে এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্তই

নিউজ ডেস্ক,২৩জানুৱাৰী : সকলোকে কন্দোৱাই ইহ সংসাৰৰ পৰা চিৰবিদায় মাগিলে এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্তই ৷ বুধবাৰে পুৱা প্ৰায় ৭ বজাত যোৰহাট মেডিকেল কলেজ হাস্পতালত দেহাৱসান ঘটে সত্ৰাধিকাৰগৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ( Lalit Chandra Mahanta passes away) ।
প্ৰয়াত ললিত চন্দ্ৰ মহন্তৰ পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, প্ৰায় দুটা বছৰ আগৰে পৰা সত্ৰাধিকাৰগৰাকী স্বাস্থ্য অৱনতি ঘটিছিল ৷ লগতে প্ৰায় এবছৰৰ আগৰে পৰা সত্ৰাধিকাৰগৰাকী শয্যাগত হৈ আছিল ।
এইবাৰৰ ভোগালী বিহুৰ দিনাই সত্ৰাধিকাৰগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটে । যাৰ বাবে তেওঁক প্ৰথম অৱস্থাত গড়মূৰ জিলা চিকিৎসালয় নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল । সেই তেতিয়াৰ পৰা যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল সত্ৰাধিকাৰগৰাকী । এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে প্ৰয়াত ললিত চন্দ্ৰ মহন্তৰ বোৱাৰীয়েকে(Majuli Satradhikar Lalit Chandra Mahanta passes away) ৷
চিকিৎসাধীন হৈ থকা সময়ছোৱাত প্ৰয়াত ললিত চন্দ্ৰ মহন্তক সুস্থ শৰীৰে নিজ ঘৰলৈ ঘূৰাই আনিবলৈ সকলোৱে যৎপোৰনাষ্টি চেষ্টা কৰিছিল ৷ কিন্তু পৰিয়াল তথা আত্মীয়ৰ সেই আশা পূৰণ নহ’ল ৷ অৱশেষত জীৱন যুঁজত হাৰ মানি অজান দেশলৈ গ’ল গৈ সত্ৰাধিকাৰগৰাকী ৷
যোৰহাট মেডিকেল কলেজৰ চিকিৎসকে সত্ৰাধিকাৰগৰাকীৰ স্বাস্থ্য সম্বন্ধে পৰিয়ালৰ লোকক জনোৱা অনুসৰি, তেওঁ বৃক্ক ৰোগত আক্ৰান্ত হৈছিল ৷ লগতে শৰীৰত ৰক্তচাপ কমি গৈছিল, কিন্তু ছ’ডিয়ামৰ মাত্ৰা বাঢ়ি গৈছিল ৷ শেহতীয়াকৈ তেওঁৰ শৰীৰত মৃগী ৰোগো ধৰা পৰিছিল ৷
লগতে পঢ়ক :Comedian Kapil Sharma: এইবাৰ কমেডিয়ান কপিল শৰ্মালৈ মৃত্যু ভাবুকি