Majuli Nimatighat ferry service: অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

গুৱাহাটী, ২৭ আগষ্ট : পুনৰ বন্ধৰ ঘোষণা মাজুলী-নিমাতী ফেৰী সেৱা ((Majuli Nimatighat ferry service) )। দেওবাৰে ঘোষণা কৰিলে এই কথা । অনিৰ্দিষ্ট সময়ৰলৈকে বন্ধৰ ঘোষণা মাজুলী-নিমাতী ফেৰী সেৱা । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এই সিদ্ধান্ত (Majuli ferry service) ।
পুনৰ অনিৰ্দিষ্ট কাললৈ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা (Majuli Nimatighat ferry service)। দেওবাৰে পৰা নিমাতীৰ পৰা মাজুলী সংযোগী ফেৰী সমূহৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে (Majuli Nimatighat ferry service ) ।
উল্লেখ্য যে, যোৱা কিছুদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত জলপৃষ্ঠ তীব্ৰ গতিত বাঢ়িব ধৰিছে । এই বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ তীব্র গতিত বাঢ়ি বিপদসীমাৰ ওপৰলৈ যোৱা দেখা গৈছে। ইফালে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত ডুব গৈছে ফেৰী ৰখা ৰেম্পসমূহ । যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে পৰা পুনৰ বন্ধ হ’ল মাজুলী-নিমাতি ফেৰী সেৱা(Majuli Nimatighat ferry service suspended for indefinite time) ৷
খবৰ অনুসৰি, মঙলবাৰে ব্ৰহ্মপুত্ৰ নদীৰ পানী হ্ৰাস পোৱাৰ পাছত ফেৰী সেৱা নিয়মিত ভাৱে চলাচল কৰিছিল ৷ কিন্তু পুনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত মাজুলী-নিমাতি ফেৰী সেৱা বন্ধ কৰিলে ।
প্ৰাপ্ত তথ্য অনুসৰি, জলপৃষ্ঠ তীব্র গতিত বাঢ়ি বিপদসীমাৰ ওপৰলৈ যোৱাত যোৰহাট মাজুলী সংযোগী ঘাটৰ ৰেম্প আৰু সংযোগী পথ বর্তমান পানী তলত ডুব গৈছে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস নোহোৱা পৰ্যন্ত বন্ধ থাকিব ফেৰী সেৱা ৷ বন্ধ থাকিব অফলা নিমাতী পাৰঘাট আৰু কমলাবাৰী নিমাতী পাৰঘাটত ফেৰী সেৱা ৷
উল্লেখ্য যে, বিগত কেবাদিনো ধৰি বন্ধ হৈ আছিল মাজুলী নিমাতী ফেৰী সেৱা((Majuli Nimatighat ferry service) ৷ ইফালে ফেৰী ৰখোৱা ৰেম্পসমূহৰ লগতে ফেৰীলৈ অহা-যোৱা কৰা পথসমূহ বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ বাবে বন্ধ কৰিছে এই ফেৰী সেৱা । পানী হ্ৰাস নোপোৱালৈকে বন্ধ থাকিব এই ফেৰী সেৱা ।
সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ।আভ্যন্তৰীণ জল পৰিবহন বিভাগে উল্লেখ কৰা অনুসৰি, ব্ৰহ্মপুত্ৰ নদীৰ পানী হ্ৰাস নোপোৱালৈকে লগতে ৰেম্পসমূহ পূৰ্বৰ দৰে সুচল নোহোৱালৈকে বন্ধ হৈ থাকিব মাজুলী-নিমাতী ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগেই বন্ধ হৈ পৰে মাজুলী-নিমাতীৰ ফেৰী সেৱা ৷
লগতে পঢ়ক :Majuli Nimatighat ferry service: অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা