Local, Vocal, Global

আজিৰে পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

নিউজ ডেস্ক, ২ জুলাই : শনিবাৰে পুনৰ আৰম্ভ হৈছে ২৯ জুনৰ পৰা ১ জুলাইলৈ স্থগিত ৰখা মাজুলী-নিমাতী ফেৰী সেৱা ।

ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ লগতে পানীত ওপঙি থকা কাঠৰ পৰিমাণৰ বাবে ফেৰী সেৱা তিনি দিনৰ বাবে স্থগিত ৰখা হৈছিল।

ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ লাহে লাহে হ্ৰাস হোৱাৰ পিছত মাজুলী জিলা প্ৰশাসনে সেৱাসমূহ পুনৰ খোলাৰ সিদ্ধান্ত লৈছে।

আনহাতে, সেৱা পুনৰ আৰম্ভ হোৱাৰ লগে লগে, অফলামুখ আৰু কমলাবাৰী ঘাটত ভিৰ কৰিছে শ শ লোকে।