Majuli-jorhat Ferry Services Hit Due To Dense Fog : পুৱা ৭.৩০ বজাৰ পৰা নিমাতীৰ-অফলামুখলৈ চলাচল কৰিব পৰা নাই ফেৰী

নিউজ ডেস্ক, ১১জানুৱাৰী : মাজুলীত ঘন কুঁৱলীৰ বাবে ফেৰীৰ চলাচলত বাধা। পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা নিমাতীৰ-অফলামুখ নিমাতী ফেৰী ঘন কুঁৱলীৰ বাবে চলাচল কৰিব পৰা নাই । পানী কমি যোৱাৰ ফলতো কমলাবাৰী-নিমাতীৰ মাজত বন্ধ চলাচল।
আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ পৰা জনোৱা অনুসৰি, যাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিমাতীৰ-অফলামুখ ফেৰী চলাচল কৰাত কিছু পলম কৰা হৈছে । কুঁৱলীৰ মাজত ফেৰীখন এৰি দিলে ফেৰীখন চলোৱাত অসুবিধা হয় । নদীৰ মাজত ফেৰী আৱদ্ধ হৈ পৰাৰো সম্ভাৱনা থাকে ৷ যাৰ বাবে কিছু পলমকৈ ফেৰী সেৱা মুকলি কৰা হৈছে(Majuli-jorhat Ferry Services Hit Due To Dense Fog) ৷
ইফালে নদীত পানী কমি যোৱাৰ বাবে আজি কেইবাদিনো ধৰি কমলাবাৰী নিমাতী মাজত বন্ধ আছে জাহাজৰ চলাচল ।
লগতে পঢ়ক : Woman Found Dead in a Hotel Room : ধেমাজিৰ শিখা হোটেলৰ ১৮ নম্বৰ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ