Majuli Boat Accident : অৱশেষত উদ্ধাৰ হ’ল উৎপল শইকীয়াৰ মৃতদেহ

নিউজ ডেস্ক, ৯ : অৱশেষত উদ্ধাৰ হ’ল উৎপল শইকীয়াৰ মৃতদেহ ।
নামনি মাজুলী কৰদৈগুৰি ব্ৰহ্মপুত্ৰ সুঁতিত ভয়ংকৰ নাও দুৰ্ঘটনা সন্ধানহীন হৈছিল উৎপল শইকীয়া । সন্ধানহীন উৎপল শইকীয়া(৪৩) ক বিচাৰি দেওবাৰে পুৱা ৮.৩০ বজাৰ পৰা অভিযান চলাই এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহ(Majuli Boat Accident)।
জানিব পৰা মতে, দেওবাৰে পুৱা ৬.৩০ বজাত ব্ৰহ্মপুত্ৰ সুঁতিত গৰু পাৰ কৰিবলৈ যাওঁতে ভয়ংকৰ নাওঁ দুৰ্ঘটনা সংঘটিত হয়। তাৰ পিছতে SDRF বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় যদিও প্ৰায় ২ ঘন্টা পলমকৈ উপস্থিত হৈছিল SDRF বাহিনী। প্ৰায় ৮ ঘন্টা ব্ৰহ্মপুত্ৰত অভিযান চলাই SDRF বাহিনীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে উৎপল শইকীয়াক। মৃতদেহ উদ্ধাৰৰ পাছতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।স
নাওখনত উপস্থিত থকা তিনিজন ব্যক্তিৰ দুজন ক্ৰমে হাঁহিৰাম বৰা আৰু বিচিত্ৰ বৰা জীৱন্তে উদ্ধাৰ হয়।