Local, Vocal, Global

মিজোৰাম আৰক্ষীৰ বৃহৎ সফলতা

নিউজ ডেস্ক : বন্যপ্ৰাণীৰ অবৈধ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অব্যাহত থকা অভিযানত মিজোৰাম আৰক্ষীয়ে তিনিটা বিদেশী বন্যপ্ৰাণীৰ প্ৰজাতি উদ্ধাৰ কৰিছিল।

উদ্ধাৰ কৰা জন্তুবোৰৰ ভিতৰত আছে দুটা Spider Monkey (কেঁচুৱা থকা মাইকী) আৰু এটা Indri Lemur ।

সন্দেহ কৰা হৈছে যে জন্তুবোৰ ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হৈছিল।

আৰক্ষীয়ে কয় যে, “টুইচেনফাই চেকগেটত ৩ টা বিদেশী বন্যপ্ৰাণীৰ প্ৰজাতি এখন বাহনৰ পৰা উদ্ধাৰ কৰা হয় আৰু চম্ফাই জিলাৰ বাসিন্দা ভানলালৰোচিয়ামা (২৫) আৰু চিলিয়ানকুঙ্গা (৫২)ক আটক কৰা হৈছে। ম্যানমাৰৰ পৰা জন্তুবোৰ চোৰাংকৈ অনাৰ সন্দেহ কৰা হৈছে”।