Major success of Majbat police : মাজবাট আৰক্ষীৰ বৃহৎ সফলতা;আৰক্ষীয়ে জব্দ কৰে ৫২১ কেজি ভাং

নিউজ ডেস্ক,১০জুন : মাজবাট আৰক্ষীৰ বৃহৎ সফলতা । দেওবাৰে নিশা ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে অভিযান চলাই । অভিযানত ৫২১ কেজি ভাং জব্দ ।
জানিব পৰা মতে, এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে, লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা আৰু ভৈৰৱকুণ্ডস্থ ২৩ নং বেটেলিয়নৰ এছ এছ বিৰ জোৱানসকলে যৌথ অভিযান চলায়(Major success of Majbat police)।
যৌথ অভিযানত অসম অৰুণাচল সীমান্তবৰ্তী এলেকাৰ নিজৰা চেন্টাৰৰ নিকটৱৰ্তী নিজৰা হাবিৰ পৰা বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে । জব্দকৃত ভাংখিনি মাজবাট আৰক্ষীয়ে মাজবাট থানালৈ লৈ আনে। জব্দকৃত ভাংখিনিৰ আন্তর্জাতিক বজাৰ মূল্য প্ৰায় ৫১ লাখ লাখ ২০ হাজাৰ টকা মান হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে,ইতিমধ্যে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবেই অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত নিয়মিত অভিযান চলাই বহু হাজাৰ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী বিষয়াগৰাকীৰ তীক্ষ্ণ হোৱাৰ বাবে মাজবাট অঞ্চলৰ সচেতন নাগৰিকে শলাগ লয়।
লগতে পঢ়ক : Road Accident in Kendukona : পালচাৰ বাহনৰ খুন্দাত নিহত মহিলা