জাজৰী আৰক্ষীৰ বৃহৎ সাফল্য

নিউজ ডেস্ক, ২ জুলাই : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
নগাওঁ জিলাৰ বটদ্ৰৱাৰ অন্তৰ্গত জাজৰী আৰক্ষীয়ে শুক্ৰবাৰে নিশা অভিযান চলাই ১৯ গ্ৰাম ড্ৰাগছ সহ দুজনলোকক আটক কৰে।
জাজৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত অভিযান চলোৱাত ৮১টা কন্টেনাৰ আৰু এটা পেকেটৰ সহ আটক কৰে লোক দুজনক।
আটক কৰা লোকদুজনক হাতীজুজুৱাৰ আশ্বাফুল ইছলাম আৰু আবু তাহেৰ বুলি চিনাক্ত কৰা হৈছে ।