Reshuffle in Assam Police : নলবাৰী আৰক্ষীৰ বৃহৎ সাল-সলনি
নিউজ ডেস্ক, ১নৱেম্বৰ : পুনৰ আৰক্ষীৰ ৰদবদল। নলবাৰী আৰক্ষী ব্যাপক সাল-সলনি ৷ নলবাৰীত একেদিনাই বদলি ২১গৰাকীকৈ আৰক্ষীক । নলবাৰী আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে কৰা হয় বদলি ।
জানিব পৰা জিলাখনৰ বিভিন্ন থানাত আছিল এইসমূহ আৰক্ষী(Reshuffle in Assam Police ) ।
আৰক্ষী বিষয়াকসকলক ৰদবদল জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ । উপ-পৰিদৰ্শক আৰু সহ উপ-পৰিদৰ্শক পৰ্যায়ত হৈছে এই ৰদবদল(Major Reshuffle in Assam Police) ।
উল্লেখ্য যে, সুপ্ৰিয়া দাসে যোৱা ১৮ ছেপ্টেম্বৰত নলবাৰী জিলা আৰক্ষী অধীক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ৷ পূৰ্বে ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সুপ্ৰিয়া দাসে ৷ নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক উলুবাৰী DIG কাৰ্যালয়লৈ বদলি কৰা হয় ৷
সুপ্ৰিয়া দাসে নতুনকৈ জিলাখনৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই এক নিৰ্দেশনাযোগে জিলাৰখনৰ মুঠ ২১ গৰাকী আৰক্ষী বিষয়াক বদলি কৰে ৷
নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি, নলবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক অনন্ত চেতিয়াক ধমধমা পহৰা চকীৰ উপ-পৰিদৰ্শক, সহকাৰী উপ পৰিদৰ্শক মধুস্মিতা বড়াক কমাৰকুছি পহৰা চকীৰ উপ-পৰিদৰ্শক, ঘগ্ৰামাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিশাল কাশ্যপক দৌলাশাল পহৰা চকীৰ উপ-পৰিদৰ্শক, টিহু আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মানস প্ৰতিম নাথক চমতা পহৰা চকীৰ উপ-পৰিদৰ্শক, কমাৰকুছি পহৰা চকীৰ উপ-পৰিদৰ্শক তৰণী কান্ত ছেত্ৰীক বৰিতাপাৰ আৰক্ষী চকীৰ পৰিদৰ্শক, মুকালমুৱা থানাৰ উপ-পৰিদৰ্শক(যান-বাহন) তথা ভাৰপ্ৰাপ্ত বিষয়া লাচিত লহকৰক ভাঙনমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে
৷ইয়াৰ উপৰি আন কেইবাজনো উপ-পৰিদৰ্শক আৰু সহ উপ-পৰিদৰ্শকক বদলি কৰা হৈছে ৷ তেওঁলোকক অতি শীঘ্ৰে নিজ নিজ কৰ্মক্ষেত্ৰত যোগদান কৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে(Major Reshuffle in Assam Police) ৷
লগতে পঢ়ক : Burmese Supari Seized : অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ তীব্ৰ অভিযান