Major Fire At Silchar Computer Coaching Centre : কম্পিউটাৰৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
নিউজ ডেস্ক,১৮মে’ : শিলচৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । শনিবাৰে শিলচৰৰ শিলংপট্টি ৰোডৰ ছোটালাল চেঠ স্কুলৰ বিপৰীত দিশৰ বসুন্ধৰা বিল্ডিঙৰ চাৰি মহলাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো।
জানিব পৰা মতে, বসুন্ধৰা বিল্ডিংটোৰ ওপৰত থকা কম্পিউটাৰ কোচিং চেণ্টাৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো।এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত কম্পিউটাৰ চেন্টাৰটোত ক্লাছ কৰি আছিল কেবাজনো শিক্ষাৰ্থীয়ে।ফলত ঘটনাটো সংঘটিত হোৱাৰ লগে লগে আকস্মিকতাত আতংকিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকলে আৰু কোঠাৰ পৰা বাহিৰলৈ দৌৰে।
ছাত্ৰ-ছাত্ৰীসকলে ইমানে আতংক হয় যে এগৰাকী ছাত্ৰীয়ে তললৈ জাঁপ দিয়ে ফলত কিছু আঘাতপ্ৰাপ্ত হয় ছাত্ৰীগৰাকী। আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Major Fire At Silchar Computer Coaching Centre, One Injured)।শ্বৰ্ট চাৰ্কিটৰ ফলত এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ।
উল্লেখ্য য়ে, এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনী ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে অ’ এন জি চিৰ প্ৰায় ৭ খন অগ্নি নিৰ্বাপক বাহনঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপনৰ চেষ্টা চলায় । বহু সময় ধৰি চেষ্টা কৰাৰ পিছত অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক : Woman goes missing : বিগত পাঁচ দিন ধৰি সন্ধানহীন ৰহাৰ দিঘলীআটিৰ বিবাহিতা মহিলা