Local, Vocal, Global

Major accident on Mumbai-Nagpur Expressway after two cars collide : দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ৭জন

নেশ্যনেল ডেস্ক,৩০জুন : এক শোকাৱহ দুৰ্ঘটনা । নিহত ৭জনকৈ লোক ।

মহাৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মহাৰাষ্ট্ৰৰ জালনা জিলাৰ কাদৱঁচী গাঁৱৰ সমীপৱৰ্তী সমৃদ্ধি এক্সপ্ৰেছৱেত শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Major accident on Mumbai-Nagpur Expressway after two cars collide)।

আৰক্ষীৰ সূত্ৰ অনুসৰি মহাৰাষ্ট্ৰৰ ঘাইপথৰ কাষৰ এটা পেট্ৰ’ল পাম্পত তেল ভৰাই গৈ এখন গাড়ী ভুল লেনত সোমাই যায় ফলত সেই সময়তে মুম্বাইৰ পৰা নাগপুৰলৈ যোৱা এখন গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে নাগপুৰ অভিমুখী গাড়ীখন কেইবাবাৰো উলটি ঘাইপথৰ গাৰ্ডৰেলত খুন্দা মাৰে আৰু ফলত গাড়ীত থকা যাত্ৰীসকল পথত বাগৰি পৰে।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে সমৃদ্ধি এক্সপ্ৰেছৱে আৰু জলনা তালুক আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও নিশাৰ আন্ধাৰত এই ঘটনা সংঘটিত হোৱাত আৰক্ষী বিষয়াসকলে উদ্ধাৰ কাম ক্ষিপ্ৰতাৰে কৰিব লগা হয়(7 killed, 3 injured in road accident in Samruddhi Expressway)।

আৰক্ষীৰ উদ্ধাৰ অভিযানত ক্ৰেন ব্যৱহাৰ কৰি তলৰ পৰা দুয়োখন গাড়ীকে তুলি অনা হয়। অৱশ্যে গাড়ীখনত থকা ৭ জন লোকৰ থিতাতে মৃত্যু হয়। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। বাকী পাঁচজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক : 11 Dead In 2 Days After Heavy Rain Batters Delhi : ধাৰাসাৰ বৰষুণৰ ফলত ৰাজধানী দিল্লীত বিপৰ্যয়; মৃত্যু ১১ জনকৈ লোকৰ