Watch | “Maihang” cultural group of North Guwahati Rangmahal is all set for bihu: অসমৰ বাৰে বৰণীয়া লোকনৃত্য আৰু লোকবাদ্যৰ সমাহেৰেৰে সাজু হৈছে উত্তৰ গুৱাহাটী ৰংমহলৰ “মাইহাং” সাংস্কৃতিক গোষ্ঠী
উত্তৰ গুৱাহাটী: পদূলি মুখত হেপাহৰ ৰঙালী বিহু । ৰাজ্য জুৰি ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ।ব্যস্ততা বাঢ়িছে শিল্পী সমাজৰ।
অসমৰ বাৰে বৰণীয়া লোকনৃত্য আৰু লোকবাদ্যৰ সমাহেৰেৰে সাজু হৈছে উত্তৰ গুৱাহাটী ৰংমহলৰ “মাইহাং” সাংস্কৃতিক গোষ্ঠী । অসমৰ চিনাকি ঢোল,খোল,বৰ তাল, খুতি তাল,নাগাৰা, বাঁহী, পেঁপা, গগণা, টকা,মৃদং,দগৰ,ডবাৰ সুৰেৰে সজোৱা অনুষ্ঠানত বিহু,বড়ো,হাজং,ডেউৰী,ভোৰতাল,টিৱা, ঝুমুৰ,সত্ৰীয়া নৃত্য পৰিবেশন কৰিব মাইহাং গোষ্ঠীৰ যুৱতী সকলে।
উদীয়মান যুৱক যুৱতীয়ে ৪ বছৰ পূৰ্বে জন্ম দিয়া “মাইহাং” সাংস্কৃতিক গোষ্ঠী এতিয়া ব্যস্ত শেষ আখৰাত। পহিলা ব’হাগৰ পৰাই অসমৰ বিহু মঞ্চ কপাবৰ বাবে সাজু হৈছে দলটো ।