WATCH | Mahila Udyamita Abhiyaan : মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা আঁচনিৰ পৰা কটা গ’ল শ শ মহিলাৰ নাম

মঙলদৈ,১৯মাৰ্চ : মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা আঁচনিৰ পৰা কটা গল শ শ মহিলাৰ নাম। উদ্যমীতা আঁচনিৰ দহ হাজাৰ টকা নাপালে। চৰকাৰক ভোট বৰ্জন কৰাৰ হুংকাৰ মহিলাৰ ।
যিটো সময়ত ৰাজ্যৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব ৰ্শমা চৰকাৰে ৰাইজৰ মহিলাসকলক লাখপতি কৰাৰ পৰিকল্পনাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা আঁচনিৰ জৰিয়তে ৰাজ্য়ৰ লাখ লাখ মহিলাক ১০ হাজাৰ কৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি কৰিছিল(Mahila Udyamita Abhiyaan)।
মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰিছে যে,এক এপ্ৰিলৰ পৰা পৰা ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউন্টত ধন সোমোব কিন্তু টকা সোমোৱাৰ পূৰ্বেই মঙলদৈত একাংশ মহিলাৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।
কাৰণ মঙলদৈ সমষ্টিৰ অন্তৰ্গত মোৱামাৰী গাঁও পঞ্চায়তৰ প্ৰায় ৭০০ অধিক মহিলাৰ নাম এই আচঁনিৰ পৰা কৰ্তন হৈছে। দুগৰাকী সহায়িকা ক্ৰমে আৰতি সৰকাৰ আৰু আছিয়া বেগমৰ ভুলৰ বাবেই এই প্ৰায় সাত শতাধিক মহিলা চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হবলগীয়া হৈছে।
সেয়েহে আঁচনিত পুনৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবীৰে দৰঙৰ আয়ুক্তক কাৰ্যালয় বাহিৰত শ শ মহিলাই উত্তেজনাৰ সৃষ্টি কৰিছে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ।