Maharashtra Road Accident : তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে ঘাইপথৰ সমীপৰ জুপুৰীক
নেশ্যনেল ডেস্ক, ২অক্টোবৰ : এক ভয়ংকৰ দুৰ্ঘটনা । ঘাইপথৰ সমীপৰ জুপুৰীক মহতিয়াই নিলে তীব্ৰবেগী ট্ৰাকে । ফলত নিহত হয় ১০জনৰো অধিক লোক । গুৰুতৰভাৱে আহত হয় কেইজন লোক । মুম্বাই-নাগপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Maharashtra Road Accident) ।
জানিব পৰা মতে, সোমবাৰে মুম্বাই-নাগপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বুলধানাৰ খামগাঁও-মালকাপুৰৰ মাজৰ ভাডনেৰ গাঁৱৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো । ঘাইপথৰ সমীপৰ জুপুৰী এটাক এখন ট্ৰাকে মহতিয়াই নিয়ে । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বহুলোক শুই আছিল জুপুৰীটোত(Speeding Trucker Mows Down 10 Sleeping Roadside Workers in Buldhana Five Killed)।
উল্লেখ্য যে এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় । আহত শ্ৰমিককেইজনক মলকাপুৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।বৰ্তমান মলকাপুৰ চৰকাৰী চিকিৎসালয় চিকিৎসাধীন হৈ আছে আটাইকেইজন শ্ৰমিক ।
এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰটো লাভ কৰাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী বাহিনী ।
ট্ৰাক চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু স্থানীয় লোকৰ মাজত সৃষ্টি হয় তীব্ৰ ক্ষোভৰ ।
প্ৰাপ্ত তথ্য অনুসৰি এই আটাইকেইজন শ্ৰমিক মধ্যপ্ৰদেশৰ বুলি জানিব পৰা গৈছে আৰু ঘাইপথটোৰ কাম কৰিবৰ বাবে উক্ত স্থানলৈ আহিছিল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । অৱশ্যে বৰ্তমানেও নিহত লোককেইজনৰ পৰিচয় পোহৰলৈ অহা নাই ।
লগতে পঢ়ক :Tragic Accident in Duliajan : শোকাৱহ পথ দুর্ঘটনা; তীব্ৰবেগী ডাম্পাৰ আৰু স্কুটীৰ মুখামুখী সংঘৰ্ষ