Local, Vocal, Global

মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক আলোচনাত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ২২ জুন : বুধবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতেও মুখ্যমন্ত্ৰী সঘন যোগাযোগত আছে ।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ বিধায়ক সকল হোটেল Radisson Blu অহাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে হোটেল খনলৈ গৈ তাত বিধায়ক সকলৰ বাবে কি ধৰণৰ ব্যৱস্থা কৰা হৈছে সেয়া তদাৰক কৰিছিল।

আনহাতে Uddhav Thackerayএ চৰকাৰৰ ৰক্ষাৰ্থে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিৱসেনাই।

খবৰ অনুসৰি, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথৰ সৈতেও মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে এক বৈঠক অনুষ্ঠিত হ’ব ।

মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ ৪৩ গৰাকী বিধায়কৰ উপস্থিতত এখন বিধায়নী দলৰ বৈঠকো অনুষ্ঠিত হয়।