Maharashtra murder case : পুনৰ লিভ-ইন পাৰ্টনাৰক হত্যা !
নেশ্যনেল ডেস্ক, ১২ছেপ্টেম্বৰ : নৃশংস ! এজন মানুহে নৃশংসতাৰ কোনটো সীমালৈকে যাব পাৰে সেয়া কল্পনাৰো অতীত । কিমান নিকৃষ্ট হ’লে এজন মানুহে নিজৰ আপোনজনক হত্যা কৰিব পাৰে ! দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ । পুনৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ অনুৰূপ এক ঘটনা।
পোহৰলৈ আহিছে শ্ৰদ্ধা কাণ্ডতকৈও ভয়লগা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে মায়ানগৰী মুম্বাইত । গাৰ নোম শিয়ৰি যোৱা এই হত্যাকাণ্ডই জোকাৰি গৈছে মহাৰাষ্ট্ৰ । মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এই বৰ্বৰ ঘটনাটো( murder case)। প্ৰেমিকাক হত্যা কৰিলে প্ৰেমিকে । লিভ-ইন পাৰ্টনাৰক হত্য়া কৰাৰ অভিযোগ পাৰ্টনাৰ বিৰুদ্ধে।
জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত এজন ৪৩ বছৰীয়া লোক এজনে তেওঁৰ লিভ-ইন পাৰ্টনাৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে(Maharashtra murder case) ।
আৰক্ষীয়ে জনোৱা অনুসৰি, ২৮ বছৰীয়া ভুক্তভোগী মহিলাগৰাকীয়ে মৃত্যুৰ পূৰ্বে লিভ-ইন পাৰ্টনাৰৰ বিৰুদ্ধে ধৰ্ষণৰো অভিযোগ উত্থাপন কৰিছিল । কিন্তু বিগত কেইদিনৰ মানৰ পৰা সন্ধানহীন হৈ আছে যুৱতীগৰাকী । যুৱতীগৰাকীত হত্যা কৰি পেলাউ দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে(Maharashtra Man Allegedly Murders Live-in Partner Over Rape Complaint) ।
উল্লেখ্য যে, এই ঘটনাটো ৯ ৰ পৰা ১২ আগষ্টৰ ভিতৰত সংঘটিত হৈছিল । কিন্তু ভুক্তভোগী মহিলাগৰাকীৰ মৃতদেহ এতিয়াও পোৱা হোৱা নাই ।
আৰক্ষীয়ে জনোৱা মতে, পালঘৰৰ ভাচাই অঞ্চলৰ বাসিন্দা অভিযুক্তজনক মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে, ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে ১৪ আগষ্টত নাইগাঁও আৰক্ষীৰ ওচৰত যুৱতীগৰাকীৰ নিৰুদ্দেশৰ এক অভিযোগ দাখিল কৰিছে । আৰক্ষীয়ে সন্দেহ কৰা মতে অভিযুক্তজনে যুৱতীগৰাকীক হত্য়া কৰি গুজৰাটৰ চুবুৰীয়া ৱাপী চহৰত মৃতদেহটো নিষ্কাশন কৰিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, ভুক্তভোগী যুৱতী গৰাকীয়ে ধৰ্ষণৰ অভিযোগ দাখিল কৰাৰ পিছৰে পৰা অভিযুক্তজন ক্ষোভিত হৈছিল যাৰ বাবে মহিলাগৰাকীক তেওঁ হত্যা কৰে ।
আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীয়ে অভিযোগটো প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল । সেয়েহে লোকজনে তেওঁক হত্যা কৰাৰ অভিযোগ উঠিছে । নাইগাঁও আৰক্ষীয়ে ভুক্তভোগীৰ ভগ্নীৰ অভিযোগৰ ভিত্তিত সোমবাৰে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ (হত্যা) আৰু ২০১ (প্ৰমাণ নাইকিয়া কৰা)ৰ অধীনত অভিযুক্তজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে । আৰক্ষী সূত্ৰৰ মতে পূৰ্বে অভিযুক্তজনে আত্মহত্যাৰ চেষ্টা কৰাৰো এক অভিযোগ উত্থাপিত হৈছিল ।
লগতে পঢ়ক :Mumbai murder case : সংগীক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি কাটিলে প্ৰেমিকে