Maharashtra bus accident: বাছ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, মৃতকৰ আত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহাৰ্য
নেশ্বনেল ডেস্ক, ১ জুলাই: শুকুৰবাৰে মাজনিশা মহাৰাষ্ট্ৰৰ সম্ৰুদ্ধি মহামাৰ্গ এক্সপ্ৰেছৱেৰ বুলধনাত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ লাখ টকাকৈ এককালীন সাহাৰ্য ঘোষণা কৰিছে (Prime Minister Narendra Modi announced an ex gratia)। লগতে দুৰ্ঘটনাটোত আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়াৰ কথাও ঘোষণা কৰিছে ।
“মহাৰাষ্ট্ৰৰ বুলধনাত সংঘটিত হোৱা ভয়াৱহ বাছ দুৰ্ঘটনাটোক লৈ মই অত্যন্ত দুখ পাইছো (Bus mishap in Buldhana)। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাসকলৰ আত্মাৰ সদগতি কামণা কৰাৰ লগতে মৃতকৰ পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো । লগতে আহতসকলে অতি সোনকালে আৰোগ্য লাভ কৰাৰ কামণা কৰিছো । স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে । প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি(PMNRF)ৰ পৰা বুলধনাত সংঘটিত বাছ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক ২ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব (Prime Ministers National Relief Fund) । ইয়াৰোপৰি আহতসকলক ৫০ হাজাৰকৈ টকাৰ এককালীন সাহাৰ্য দিয়া হ’ব।’- প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰধানমন্ত্ৰী মোডীৰ উদ্ধৃতি দি এইদৰে এটা টুইট কৰে ।
মহাৰাষ্ট্ৰৰ য়ৱতমলৰ পৰা পুনেলৈ যোৱা এখন বাছ মহামাৰ্গ এক্সপ্ৰেছৱেৰ বুলধনাত অগ্নিকাণ্ডত পতিত হোৱাৰ ফলত বৰ্তমানলৈকে ২৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮ জন আহত হৈছে (Fire in Buldhana on Samruddhi Mahamarg Expressway)।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি ইয়াক হৃদয়বিদাৰক বুলি অভিহিত কৰে(Union Home Minister Amit Shah expressed his grief)।
“মহাৰাষ্ট্ৰৰ বুলধনা জিলাত সংঘটিত পথ দুৰ্ঘটনাটো এক হৃদয় বিদাৰক ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা সকলৰ আত্মাৰ সদগতি কামণা কৰাৰ লগতে মৃতকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছো । স্থানীয় প্ৰশাসনৰ দ্বাৰা আহতসকলৰ চিকিৎসাৰ বাবে অতি ক্ষীপ্ৰতাৰে ব্যৱস্থা কৰা হৈছে । তেওঁলোকৰ দ্ৰুত আৰোগ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো’-কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে টুইটযোগে উল্লেখ কৰে (Amit Shah tweet)।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেয়ে(Maharashtra CM Eknath Shinde)ও মৃতকৰ আত্মায়সকললৈ ৫ লাখ টকাকৈ এককালীন সাহাৰ্য ঘোষণা কৰিছে ।
ভয়ংকৰ দুৰ্ঘটনাটোক লৈ তেখেতে দুখ প্ৰকাশ কৰাৰ লগতে ইতিমধ্যে এই ঘটনাৰ তদন্তৰো নিৰ্দেশ দিছে ।
বিবৃতিটোত কোৱা অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত লোকসকলক তাৎক্ষণিকভাৱে সহায় কৰাৰ নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে চৰকাৰী খৰচত আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদানৰ বাবেও নিৰ্দেশ দিছে । মহাৰাষ্ট্ৰ আৰক্ষীয়ে জনোৱা মতে, পুনেলৈ যোৱা বাছখনত মুঠ ৩৩ গৰাকী লোকে যাত্ৰা কৰিছিল ।
ইফালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে টুইটযোগে দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰি চিকিৎসাধীন হৈ থকাসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।
“বুলধনা জিলাৰ পিম্পলখুটাত পুনেলৈ যোৱা বিদৰ্ভ ট্ৰেভেলছৰ এখন ব্যক্তিগত বাছত অগ্নীকাণ্ড সংঘটিত হোৱাত ২৫ জন লোকৰ মৃত্যু হোৱা দুৰ্ঘটনাটো অতিকে স্তম্ভিত আৰু হৃদয় বিদাৰক । দুৰ্ঘটনাটোত মৃত্য হোৱা সকলক মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । এই দুৰ্ঘটনাত ৮ জন লোক আহত হৈছে আৰু তেওঁলোকক ছিণ্ডখেদাৰাজাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।” আহতসকলৰ অৱস্থা বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে । ইতিমধ্যে মৃতকৰ আত্মীয়ক ৫ লাখ টকাকৈ আৰ্থিক সাহায্যৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেয়ে ঘোষণা কৰিছে । তাৰোপৰি আহতসকলৰ চিকিৎসাৰ সমস্ত খৰচ ৰাজ্য চৰকাৰে বহন কৰিব।” ফাড়নাভিছে তেথেতৰ টুইটটোত এইদৰে উল্লেখ কৰে ।
তেখেতে কয় যে, ৰাজ্য চৰকাৰে জিলাখন প্ৰশাসনৰ লগতে আৰক্ষীৰ সৈতেও যোগাযোগত আছে । তেখেতে লগতে কয় যে, জিলা আৰক্ষী অধীক্ষকে দিয়া প্ৰাৰম্ভিক তথ্য অনুসৰি বাছখনে এখন দলঙত খুন্দা মৰাৰ পিছত বাছৰ ডিজেল ৰখা টেংকটো ফাটি যায় আৰু ইয়াৰ পিছতে গাড়ীখনত জুই লাগে।
লগতে পঢ়ক : Maharashtra Bus Accident : ৰাজপথত জ্বলি ভস্মিভূত যাত্ৰীবাহী বাছ, ২৫ জনৰ মৃত্যু , ২ লাখ টকা সাহাৰ্য্য প্ৰদান