Local, Vocal, Global

Watch | Moran ‘Mahamra Championship 2025-26’ All Assam Based T-20 Cricket Tournament:মৰাণত ‘মাহমৰা চেম্পিয়নশ্বিপ ২০২৫-২৬’ সদৌ অসম ভিত্তিত T-20 ক্ৰিকেট টুৰ্ণামেণ্ট

মৰাণ: মৰাণ মহাবিদ্যালয় খেলপথাৰত ভাৰতীয় জনতা যুৱ মৰ্চা মাহমৰা সমষ্টিৰ উদ্যোগত আৰু এলপাইন বয়জ ক্লাৱৰ সহযোগত ২ মাৰ্চৰ পৰা আৰম্ভ হোৱা ‘মাহমৰা চেম্পিয়নশ্বিপ ২০২৫-২৬’ সদৌ অসম ভিত্তিত T-20 ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেল খেলখনি বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় । অসমৰ বিভিন্ন জিলাৰ প্ৰায় ১৬ টাকৈ আগশাৰী ক্ৰিকেট দলে অংশ গ্ৰহণ কৰা টুৰ্ণামেণ্টৰ ফাইনেল খেলখনি মৰাণ এলপাইন বয়জ ক্লাৱ আৰু শিৱসাগৰ ৰ’য়েলচ ক্লাৱ দলৰ মাজত অনুষ্ঠিত হয় । উক্ত চূড়ান্ত খেলখনি উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা পৰিবহন মন্ত্ৰী যোগেন মহনে । ফাইনেল খেলত শিৱসাগৰ ৰ’য়েলচ ক্লাৱে ৬ উইকেটত এলপাইন বয়জ ক্লাৱক পৰাভূত কৰে । চেম্পিয়ন দলটিক ট্ৰফীসহ নগদ ১ লাখ টকা পুৰস্কাৰ প্ৰদান কৰাৰ লগতে ৰানাৰ্চ আপ দলটিক ট্ৰফীসহ নগদ ৫০ হাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰা হয় ।