Maha Kumbhmela 2025: অন্ত পৰিল প্ৰয়াগৰাজৰ মহা কুম্ভমেলা
নিউজ ডেস্ক,২৭ফেব্ৰুৱাৰী : অন্ত পৰিল প্ৰয়াগৰাজৰ মহা কুম্ভমেলা। ১৪৪ বছৰ পিছত অনুষ্ঠিত হৈছিল কুম্ভমেলা মহা শিৱৰাত্ৰীত অন্ত পৰিল মহা কুম্ভমেলা
অন্তিমটো দিনত প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ কোটিৰো অধিক ভক্তৰ আগমন ঘটিছে । আজিৰ পৰা পুনৰ ভিৰ বাঢ়িছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত।
১০ কিলোমিটাৰ পথ খোজকাঢ়ি যাবলগীয়া হৈছে সাধাৰণ ভক্ত। ৪৫ দিনীয়াকৈ অনুষ্ঠিত মহাকুম্ভৰ আজি শেষটো দিন। জন সমুদ্ৰত পৰিণত হৈছে মহা কুম্ভমেলা।লাস্থলীত দিনে ৰাতিয়ে চলিছে প্ৰাৰ্থনা-ধৰ্মীয় আলোচনা।
আজিৰ পৰা পুনৰ ভিৰ বাঢ়িছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজতশেষৰ দত মহাকুম্ভ মেলাত ভিৰ বাঢ়িছে VVIP ঘাটত। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাত এতিয়ালৈকে ৫৮ কোটি ৮৭ লাখতকৈ অধিক ভক্তই পৱিত্ৰ গংগাত কৰিছে স্নান(Maha Kumbhmela 2025)।
শিৱৰাত্ৰিৰ দিনা অন্ত পৰিবলগীয়া মহাকুম্ভলৈ এতিয়াও বৈ আছে ভক্তৰ জনস্ৰোঁত। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও আহিছে ভক্ত। বিশেষকৈ আজি পৰা পুনৰ মহাকুম্ভত ভিৰ বাঢ়িছে ভক্তৰ। ৫০০ মিটাৰৰ দূৰত্ব পাৰ কৰিবলৈ ২ঘন্টাৰ প্ৰয়োজন হৈছে ভক্তসকলক। ভক্তৰ ভিৰৰ বাবে পুনৰ সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। যাৰবাবে ১০ কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়ি যাব লগা হৈছে সাধাৰণ ভক্ত। চহৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ ঘন্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগা হৈছে ভক্তসকল।
মহাকুম্ভৰ শেষৰ দিনটোলৈকে ভক্তৰ সংখ্যাই ৬০ কোটি অতিক্ৰম কৰিব বুলি পূৰ্বানুমান কৰা হৈছে। আনহাতে বৃহৎ সংখ্যক ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহা শিৱৰাত্ৰিৰ দিনটোৰ বাবে বিশেষভাৱে সাজু হৈছে উত্তৰ প্ৰদেশ আৰক্ষী-প্ৰশাসন। যিহেতু মহাকুম্ভৰ অন্তিম দিনকেইটাত বৃহৎসংখ্যক ভক্তৰ আগমন হ’ব সেইবাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও প্ৰশাসনক সকলোধৰণে সাজু থকাৰ লগতে সকলো সু-ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে শুকুৰবাৰৰ পৰা ভিৰ বাঢ়িছে VVIP ঘাটতো। শুকুৰবাৰে পত্নী, পুত্ৰ আৰু কন্যাসহ অসমৰ মুখ্যমন্ত্ৰীয়েও মহাকুম্ভত কৰিলে পৱিত্ৰ স্নান।
মহাকুম্ভৰ শেষৰ দিনটোলৈকে ভক্তৰ সংখ্যাই ৬০ কোটি অতিক্ৰম কৰিব বুলি পূৰ্বানুমান কৰা হৈছে। আনহাতে বৃহৎসংখ্যক ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহা শিৱৰাত্ৰিৰ দিনটোৰ বাবে বিশেষভাৱে সাজু হৈছে উত্তৰ প্ৰদেশ আৰক্ষী-প্ৰশাসন। যিহেতু মহাকুম্ভৰ অন্তিম দিনকেইটাত বৃহৎসংখ্যক ভক্তৰ আগমন হ’ব, সেইবাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও প্ৰশাসনক সকলোধৰণে সাজু থকাৰ লগতে সকলো সু-ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে শুকুৰবাৰৰ পৰা ভিৰ বাঢ়িছে VVIP ঘাটতো। শুকুৰবাৰে পত্নী, পুত্ৰ আৰু কন্যাসহ অসমৰ মুখ্যমন্ত্ৰীয়েও মহাকুম্ভত কৰিলে পৱিত্ৰ স্নান।
লগতে পঢ়ক :Assam earthquake: মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল ৰাজ্য