Magh Bihu 2025 : হেঁপাহৰ ভোগালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন
মৰাণ,৪ জানুৱাৰী : হেঁপাহৰ ভোগালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো আৰম্ভ হৈছে ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি ৷ মৰাণৰ সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ উদ্যোগত আৰু দিখাৰী গাঁওবাসী তথা মৰাণবাসীৰ সহযোগত অহা ১৪ আৰু ১৫ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মাঘীমেলা(Magh Bihu 2025)৷
মৰাণ দিখাৰী মুকলি পথাৰত আয়োজন কৰা এই মাঘীমেলাৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে উদ্যোক্তা সমিতিৰ লগতে স্থানীয় ৰাইজে ৷ আজি অনুষ্ঠানৰ লাইখুটা স্থাপনৰ সমান্তৰালভাৱে গাঁৱৰ জীয়ৰী-বোৱাৰী একত্ৰিত হৈ পথাৰৰ নৰা কাটি মাঘীমেলাৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷
মাঘীমেলাৰ লগত সংগতি ৰাখি পৰম্পৰাগত খেল-ধেমালী, বিভিন্ন সাহিত্য বিষয়ক প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী হাতত লৈছে উদ্যোক্তাসকলে ৷
লগতে পঢ়ক :Cachar News:ভূমি জোৰ কৰি দখল কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে