মঙলদৈত যুৱ কংগ্ৰেছৰ জোৰ সমদল

ডিজিটেল ডেস্ক: প্ৰসংগঃ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ। ৰাজ্যত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ। মঙলদৈত যুৱ কংগ্ৰেছৰ বিশাল জোৰ সমদল। উত্তাল মঙলদৈৰ ৰাজপথ। প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ আৰু ৮ বছৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হব নোৱৰাৰ ঘোষণাৰ পিছতেই সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত আছে কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ।
ৰাহুল গান্ধীৰ ওপৰত বিজেপি চৰকাৰে উদ্দেশ্য প্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলক আচৰণ কৰাৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ ব্যাপক প্ৰতিবাদ। আজি মঙলদৈত যুৱ কংগ্ৰেছৰ উদ্যোগত জোৰ লৈ বিশাল প্ৰতিবাদী কাৰ্যসূচী। যুৱ কংগ্ৰেছৰ কৰ্মীসকলৰ প্ৰতিবাদত কঁপি উঠিল মঙলদৈৰ ৰাজপথ। ৰাহুল গান্ধীৰ লগত যি অবাঞ্চিত, অনাকাংক্ষিত কাণ্ড বিজেপি চৰকাৰে কৰিলে সেয়া গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি আৰু অন্যায় বুলি উল্লেখ কৰি দৰং জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হয়।
মঙলদৈৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা জোৰ সমদলত প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধাৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক এজাজ আহমেদ চৌধুৰী, দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজৱংশী, কংগ্ৰেছৰ যুৱনেত্ৰী ৰিজুমণি তালুকদাৰ, যুৱনেতা পাৰিতোষ ৰয়, যুৱনেতা মোস্তাফা কামাল হাছানকে আদি কৰি বিভিন্নজন শীৰ্ষস্থানীয় নেতা-কৰ্মী।
বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰী নীতিৰ বাবে ভাৰতীয় গণতন্ত্ৰণলৈ যি অশনি সংকেত নামি আহিছে তাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ৰূপায়ণ কৰে এই বিশাল প্ৰতিবাদী কাৰ্যসূচী।