Local, Vocal, Global

Madhya Pradesh Road Accident : বিবাহৰ যাত্ৰী কঢ়িয়াই অনা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত; নিহত ১৩জন,আহত ১৬জন

নেশ্যনেল ডেস্ক,৩জুন : এক মৰ্মান্তিক দুৰ্ঘটনা ! মৃত্যু ১৩জন,আহত ১৬জনকৈ লোক ।

মধ্যপ্ৰদেশৰ ৰাজগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা প্ৰায় ৯ মান বজাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো(Madhya Pradesh Road Accident)।

বিবাহৰ যাত্ৰী কঢ়িয়াই অনা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত । ৰাজস্থানৰ মতিপুৰাৰ পৰা কুলামপুৰালৈ বিবাহ অনুষ্ঠানলৈ যাত্ৰী কঢ়িয়াই লৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখনে।

জানিব পৰা মতে, ৰাজস্থানৰ মতিপুৰা আৰক্ষী থানা জৱাহৰৰ পৰা ৰাজগড়ৰ কুলামপুৰালৈ গৈ থকা অৱস্থাতে পিপলোডী পোষ্টৰ সমীপত বাগৰি পৰে বাহনখন। ফলত টেক্টৰখনৰ ট্ৰেইলাৰৰ তলত পৰা পিছত মহটিয়াই লৈ যায় লোকসকলক। থিতাতে নিহত হয় ১৩জনকৈ লোক,আহত হয় ১৬জনকৈ লোক(13 wedding guests from Raj die in Rajgarh accident, 15 injured) ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ততাতৈয়াকৈ লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়ললৈ প্ৰেৰণ কৰে ।

ৰাজগড়ৰ কালেক্টৰ হৰ্ষ দীক্ষিতে কয় যে আহতসকলৰ ১৩ জনক জিলা চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে দুজনক মূৰ আৰু বুকুৰ আঘাতৰ বাবে উন্নত চিকিৎসাৰ বাবে ভূপাললৈ লৈ স্থানান্তৰ কৰা হৈছে। গুৰুতৰভাৱে আহত দুজনৰ অৱস্থা সংকটজনক। ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিয়াঘৰৰ সেই গাড়ীখনত ৪০-৫০জন মানুহ আছিল।

এই ভয়ংকৰ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে।

লগতে পঢ়ক : World Bicycle Day 2024: আজি বিশ্ব চাইকেল দিৱস;প্ৰতিবছৰে ৩জুনত বিশ্ব জুৰি চাইকেল দিৱস পালন কৰা হয়