Local, Vocal, Global

Madhya Pradesh Road Accident : এক শোকাৱহ পথ দুৰ্ঘটনা, নিহত ১জন,আহত ৩৫জনকৈ লোক

নেশ্যনেল ডেস্ক, ১৭জুন : মধ্যপ্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছ আৰু ডাম্পাৰ মাজত মুখামুখি সংঘৰ্ষ। শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

উল্লেখ্য যে, এই শোকাৱহ দুৰ্ঘটনাটোত ৩ জন লোক নিহত হোৱাৰ উপৰিও আহত হয় ৩৫ জনৰো অধিক লোক। এই ঘটনাটোৱে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে(Passenger Bus Collides With Truck in Morena Three Killed 35 Injured)।

প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱতি প্ৰায় ২মান বজাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । মোৰেনা জিলাৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেৱপুৰী বাবা মন্দিৰৰ সমীপতে এই দুৰ্ঘটনাটো সংঘটিত হয়(Accident In Madhya Pradeshs Morena District) ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাত ৰখাই থোৱা ডাম্পাৰ খনত খুন্দা মাৰে । ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাছখনে গোৱালিয়ৰৰ পৰা দিল্লীলৈ যাত্ৰা কৰি আছিল ।যাত্ৰীবাহী বাছখনত ৪৫ গৰাকী যাত্ৰী আছিল। এই যাত্ৰীসকলৰ মাজত ৩জন নিহত হয় আৰু ৩৫গৰাকী লোক আহত হয়। আহত লোকসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি আহতলোকসকল বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ।

ইফালে এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী অধীক্ষক শৈলেন্দ্ৰ সিং চৌহান দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ বুজ লয় ।

তথ্য অনুসৰি দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে বহু সময় ধৰি বন্ধ হৈ পৰে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ ।ফলত আৱদ্ধ হৈ পৰে বহু যান-বাহন। অৱশ্যে আৰক্ষীয়ে অধিক তৎপৰতাৰে পথটো মুকলি কৰি দিবলৈ সক্ষম হয় (Madhya Pradesh Road Accident)।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।আৰু ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ড বিধিৰ (আইপিচি) প্ৰাসংগিক ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ । ইফালে, মোৰেনাৰ উপায়ুক্ত অংকিত আস্থানাই কয় যে এই দুৰ্ঘটনাত নিহতসকলক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছতে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

লগতে পঢ়ক : First Over Dimensional Cargo : নুমলীগড় শোধনাগাৰৰ প্ৰথমটো বৃহত্‍ আকৃতিৰ কাৰ্গ’ৰ আদৰণি জনায় সৰ্বানন্দ সোণোৱালে