Local, Vocal, Global

Madhya Pradesh Rape Case : প্ৰথমে যৌনাংগত সুমুৱালে কঠিন বস্তু,তাৰ পিছত দলবদ্ধ ধৰ্ষণ

নেশ্যনেল ডেস্ক, ৩০জুলাই : দুই পাষণ্ডৰ যৌন কামনাৰ বলি হ’ল এগৰাকী কিশোৰী । ১২ বছৰীয়া কিশোৰী গৰাকী ধৰ্ষণৰ বলি হ’ল মন্দিৰ পৰিচালনা ন্যাসৰ দুগৰাকী কৰ্মীৰ। এই অনৈতিক কাৰ্যত জড়িত থকা দুই অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Madhya Pradesh Rape Case)।

ঘটনা বিৱৰণি অনুসৰি, মধ্যপ্ৰদেশৰ সতনা জিলাত সংঘটিত হৈছে এই জঘন্যৰ ঘটনাটো(2 men linked to temple trust arrested) । বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ মাইহাৰ চহৰত সংঘটিত হোৱা এই ঘটনাটো শুকুৰবাৰে পোহৰলৈ আহে।

আৰক্ষীৰ তথ্য অনুসৰি, বিখ্যাত সাৰাদা মন্দিৰৰ আশে-পাশে দুজন পুৰুষৰ কামনাৰ বলি হ’বলগীয়া হৈছিল কিশোৰীগৰাকী। স্থানীয় লোকৰ ভাষ্য অনুসৰি , দুই পাষণ্ডই ভুক্তভোগী কিশোৰী গৰাকীক প্ৰলোভিত কৰি নিৰ্জন স্থানলৈ লৈ যায় আৰু তাতে এই জঘন্য কাণ্ডটো সংঘটিত কৰে(12 year old girl raped)।

আৰক্ষীৰ ভাষ্য অনুসৰি , ভুক্তভোগী কিশোৰীগৰাকীৰ শৰীৰৰ বিভিন্ন ঠাইত দাঁতৰ দাগ আছে।

জানিব পৰা মতে, ভুক্তভোগী কিশোৰীগৰাকীৰ যৌনাংগত কঠিন বস্তু সুমুৱাই দিয়ে আৰু তাৰ পিছত এই জঘন্য কাণ্ডটো সংঘটিত কৰে । কিশোৰী গৰাকীৰ যৌনাংগত কঠিন বস্তু সুমুৱাই দিয়াৰ ফলত যথেষ্ট ৰক্তপাত হৈছিল। আৰু অত্যাধিক ৰক্তপাত হোৱাৰ ফলত কিশোৰীগৰাকী অসুস্থ হৈ পৰিছিল আৰু কিশোৰীগৰাকী অসুস্থ হৈ পৰাৰ ফলত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰাই।

মন্দিৰ পৰিচালনা ন্যাসৰ দুগৰাকী কৰ্মীৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ।জানিব পৰা দুই অভিযুক্ত ক্ৰমে ৰবীন্দ্ৰ কুমাৰ ৰবি আৰু অতুল বদলীয়া বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুই অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে । আৰু ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে (accused of raping 12 year old girl in Madhya Pradesh ) ।

সতনাৰ আৰক্ষী অধীক্ষক আশুতোষ গুপ্তাই এই দুই নৰপিশাচৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। দুয়োগৰাকী অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত লগতে POCSO আইনৰ অধীনতো গোচৰ ৰুজু কৰে ।

শুকুৰবাৰে স্থানীয় আদালতত দুই অভিযুক্তক হাজিৰ কৰোৱা হয়। ইয়াৰ পিছতে আদালতে দুই অভিযুক্তক ১৪ দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : Gang raped in Jorhat : যোৰহাটত নাবালিকাক দলবদ্ধ ধৰ্ষণ